অসমৰ প্ৰতিভাশালী ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মহিলা ক্রিকেটত অভিষেক ঘটিছে। ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি বডোডৰাত অনুষ্ঠিত খেলখনৰ মূল একাদশত স্থান লাভ কৰাৰ লগে লগে জিণ্টিমণিয়ে অসমৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায়। ইয়াৰ আগেয়ে অসমৰ উমা চেত্ৰী আৰু ৰিয়ান পৰাগে ভাৰতৰ চিনিয়ৰ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাইছিল।
উল্লেখযোগ্য যে আজি বডোডৰাত অনুষ্ঠিত খেলখনত এই বাতৰি যুগুতোৱাৰ পৰলৈকে জিম্বাবৱেই প্ৰথমে বেট ধৰি ৪৬ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ১৮৫ ৰান সংগ্ৰহ কৰিছে। বলিং অলৰাউণ্ডাৰ জিণ্টিমণিয়ে এই পর্যন্ত ৫ অভাৰ বলিং কৰি ২৩ ৰান খৰছ কৰে।
আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত অভিষেক ঘটোৱা বেগী বলাৰ জিণ্টিমণিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যম যোগে কয় যে, জিণ্টিমণিৰ এই সাফল্যই ৰাজ্যৰ ক্ৰীড়া জগতক অনুপ্ৰাণিত কৰিব। অসমৰ ক্ৰিকেট জগতৰ বাবে এয়া গৌৰৱময় ক্ষণ বুলিও তেওঁ প্ৰকাশ কৰে।