গোলাঘাটৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আন্তঃজিলা নেট বল প্রতিযোগিতাত ১২টা দলৰ অংশগ্ৰহণ

গোলাঘাট জিলাৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত আন্তঃজিলা নেট বল প্রতিযোগিতাত ১২টা দলে অংশ লৈছে।

অসম নেট বল সন্থাৰ উদ্যোগত আৰু গোলাঘাট জিলা নেট বল সন্থাৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা খেলুৱৈসকলৰ মাজত জুনিয়ৰ, চাব-জুনিয়ৰ আৰু চিনিয়ৰ শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

প্ৰথমবাৰৰ বাবে গোলাঘাট জিলাত অনুষ্ঠিত এই প্রতিযোগিতাক লৈ অসম নেট বল সন্থাৰ সম্পাদক বিজু ৰামে সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই প্রতিযোগিতাৰ প্ৰতিটো শাখাৰ চূড়ান্ত বিজয়ী দলসমূহক অসমৰ হৈ ৰাষ্ট্ৰীয় ক্রীড়াত অংশগ্ৰহণৰ সুযোগ দিয়া হ’ব। অহা ২৪ অক্টোবৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব।