ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেছিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্রতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্রতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব।

চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে, নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্রতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্রকাশ কৰে।

প্রতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্রীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্রতিযোগিতাক অধিক মর্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।

জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয়, যে এই খেলুৱৈসুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে।

ফুটবলৰ ক্ষেত্ৰখনত উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰা পথৰ বাবে সাজু হ’বলৈ তেওঁ সকলোকে আহ্বান জনায়। একেসময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে।

আজিৰ উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী এন এছ ৰাজা সুব্রমণি, স্থলসেনাৰ মুৰববী ধীৰাজ সেঠ আৰু নৌসেনাৰ মুৰববী এডমিৰেল কৃষ্ণ স্বামীনাথনেও অংশগ্রহণ কৰে।