দুলীয়াজানৰ নেহৰু ময়দানত ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতা

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।

উদযাপন সমিতিৰ সভাপতি মাধুৰ্য বৰুৱাই এটা বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা মতে প্রতিযোগিতাত স্পর্টছ ক্লাৱ দিল্লী, শ্বিলং লাজং এফ চি, পাঞ্জাব এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, গুৱাহাটী, সুদেফা এফ চি দিল্লী, এন আৰ এল নুমলীগড়, লেঅ’লেন এফ চি শিলচৰকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্রহণ কৰিব।

প্ৰতিযোগিতাত বিজয়ী দলক ৭ লাখ ৫০ হাজাৰ আৰু বিজিত দলক ৩ লাখ ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰাৰ উপৰি প্ৰতিখন খেলৰ শ্ৰেষ্ঠ খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। একেদৰে দুলীয়াজান মাজগাওঁ খেলপথাৰত অইলৰ অধীনৰ অঞ্চলৰ কেইবাটাও ফুটবল দলৰ খেল অনুষ্ঠিত কৰি প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দল দুটাক মূল খেলত অংশগ্ৰহণৰ সুযোগ দিয়া হ’ব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।