পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতা কালি অনুষ্ঠিত চূড়ান্ত খেলত প’ল’ এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত কৰে।
তৰুণ ক্লাবৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্রতিযোগিতাত ২০ টা দলে অংশগ্ৰহণ কৰিছিল। মাজুলী জিলাৰ সহকাৰী আয়ুক্ত অনুৰাগ পিতাম্বৰ বৰবৰাই কালি বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেল-পথাৰত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্বোধন কৰে।