মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ’ব

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ’ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে।

চলিত বছৰৰ শেষৰফালে অসমতে দুয়োগৰাকী বিশিষ্টব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ড° গোস্বামীয়ে কয়, যে টী ৰিচার্ড ব্লার্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বিষয়ত গভীৰভাৱে গৱেষণা কৰি গ্ৰন্থ ৰচনা কৰাৰ লগতে বৃন্দাৱনী বস্ত্ৰৰ অন্যতম গৱেষক আৰু সংৰক্ষক হিচাপে ব্ৰিটিছ সংগ্ৰহালয়ত দায়িত্ব পালন কৰিছে।

একেদৰে সাংসদ বব ব্লেকমেনে ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত ভাষণ প্ৰদানৰ বাবে সত্ৰাধিকাৰগৰাকীক ব্যৱস্থা কৰি দিয়ে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।