অসমৰ নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০ দশমিক ২-৫ শতাংশ ভোটদান হৈছে।
লাহৰিঘাটত সর্বাধিক ৭৪.৭৪ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ অনুষ্ঠিত হয়।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে।
একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোট দিয়ে। সমষ্টিটোৰ ভোটগণনা অহা শুকুৰবাৰে অনুষ্ঠিত হ’ব।