October 6, 2026 6:36 PM

views 13

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০.২৫ শতাংশ ভোটদান

অসমৰ নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০ দশমিক ২-৫ শতাংশ ভোটদান হৈছে। লাহৰিঘাটত সর্বাধিক ৭৪.৭৪ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ অনুষ্ঠিত হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১...

September 27, 2026 11:58 AM

views 28

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ লৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ সমৰ্থনত কালি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুৰবন্ধাত অসম গণ পৰিষদৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নির্বাচনী সভাত অগপৰ সভাপতি মন্ত্রী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্রী কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। অগপৰ নেতাসকলে জাগীৰোড, বহা...

September 22, 2026 4:40 PM

views 28

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু...

September 21, 2026 8:56 PM

views 17

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ পর্যালোচনা সভা

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও নির্বাচনী জিলাত আসন্ন উপ-নির্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা নির্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত জিলাখনৰ মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এই বৈঠকত নির্বাচনী প্রক্রিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মাণ্ডলিক আৰু খণ্ড বিষয়াসকলে ক্ষেত্র পর্যায়ত পাব পৰা নানা ধৰণৰ সুবিধা-অসুবিধা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়। ভোটগ্রহণ কেন্দ্ৰসম...

September 18, 2026 12:27 PM

views 25

নগাঁও উপ-নির্বাচনৰ বাবে ১৮ গৰাকী প্রার্থীৰ মনোনয়ন বৈধ বিবেচিত। ৭ গৰাকী প্রার্থীৰ মনোনয়ন বাতিল

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ ১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ প্ৰাৰ্থিত্বৰ বিষয়টো কালি অমীমাংসিত হৈ ৰয়। বিষয়টো আজি চূড়ান্ত হ'ব। আনহাতে, মনোনয়ন পৰীক্ষণত ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে।

September 13, 2026 12:40 PM

views 38

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। অহা ৬ অক্টোবৰত নগাওঁ লোকসভা সমষ্টিৰ উপ নির্বাচন অনুষ্ঠিত হব। এই নির্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্র দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ'ব।  বিজেপিয়ে উপ নির্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাক প্রার্থী হিচাপে ঘোষণা কৰিছে। অসম গণ পৰিষদৰ নেতা তথা ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সমষ্টিটোৰ...

September 12, 2026 5:38 PM

views 29

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা বিজেপিৰ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শর্মাই কেইদিনমান পূর্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ বাবে এ আই ইউ ডি এফে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও দুই-এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া নগাঁও লোকস...

September 12, 2026 11:48 AM

views 36

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে দেৱাশীষ শৰ্মাৰ নাম ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে বিজেপিয়ে জিলাখনৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নির্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ বাবে এ আই ইউ ডি এফে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও দুই-এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া নগাঁও লোকসভা স...