September 21, 2026 8:56 PM | nagaon bye election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ পর্যালোচনা সভা

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও নির্বাচনী জিলাত আসন্ন উপ-নির্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা নির্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত জিলাখনৰ মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়।

জিলা আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এই বৈঠকত নির্বাচনী প্রক্রিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মাণ্ডলিক আৰু খণ্ড বিষয়াসকলে ক্ষেত্র পর্যায়ত পাব পৰা নানা ধৰণৰ সুবিধা-অসুবিধা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়।

ভোটগ্রহণ কেন্দ্ৰসমূহৰ ভৌগোলিক স্থিতি, যোগাযোগ ব্যবস্থা, সুৰক্ষা সংক্রান্তীয় দিশসমূহৰ বুজ লৈ জিলা আয়ুক্তই বিষয়াসকলক সময়মতে প্রস্তুতি সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে।

এই বৈঠকত তেওঁ ভোটগ্রহণ কেন্দ্রসমূহত পর্যাপ্ত পোহৰৰ ব্যৱস্থা, সুৰক্ষামূলক সীমা প্ৰাচীৰ, খোৱাপানী, শৌচাগাৰ আৰু পথ যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিশেষ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকলো উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।