September 13, 2026 12:40 PM | nagaon bye election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। অহা ৬ অক্টোবৰত নগাওঁ লোকসভা সমষ্টিৰ উপ নির্বাচন অনুষ্ঠিত হব। এই নির্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্র দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।

 বিজেপিয়ে উপ নির্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাক প্রার্থী হিচাপে ঘোষণা কৰিছে। অসম গণ পৰিষদৰ নেতা তথা ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সমষ্টিটোৰ উপ-নির্বাচনত মিত্রজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰিছে। শ্রী মহন্ত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন সন্দর্ভত শাসকীয় মিত্ৰ দল অসম গণ পৰিষদ আত্মবিশ্বাসী বুলি প্রকাশ কৰে।

এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নির্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে কালি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবাঘেলে উপ নির্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হব বুলি জানিবলৈ দিয়ে।