September 18, 2026 12:27 PM | nagaon bye election

printer

নগাঁও উপ-নির্বাচনৰ বাবে ১৮ গৰাকী প্রার্থীৰ মনোনয়ন বৈধ বিবেচিত। ৭ গৰাকী প্রার্থীৰ মনোনয়ন বাতিল

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ ১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে।

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ প্ৰাৰ্থিত্বৰ বিষয়টো কালি অমীমাংসিত হৈ ৰয়। বিষয়টো আজি চূড়ান্ত হ’ব। আনহাতে, মনোনয়ন পৰীক্ষণত ৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে।