নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে।
বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু, পিযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংহল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী নেতা আছে।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে ২৮ ছেপ্তেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিবাচনী প্ৰচাৰত অংশ লব।
কংগ্ৰেছৰ তালিকাত ভূপেশ বাঘেল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, পবন খেৰা, সুপ্রিয়া শ্ৰীনেটেকে ধৰি মুঠ ৪০ গৰাকী নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে। এ আই ইউ ডি এফেও ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৬ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।