নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে বিজেপিয়ে জিলাখনৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নির্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল।
এই উপ-নির্বাচনৰ বাবে এ আই ইউ ডি এফে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও দুই-এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত ভোটগ্রহণ হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।
ইপিনে, উপ-নির্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন কালি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আৱণ্টন কৰা হয় ৷