নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ লৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ সমৰ্থনত কালি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুৰবন্ধাত অসম গণ পৰিষদৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়।
অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নির্বাচনী সভাত অগপৰ সভাপতি মন্ত্রী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্রী কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে।
অগপৰ নেতাসকলে জাগীৰোড, বহা, লাহৰীঘাট বিধানসভা সমষ্টিত আয়োজিত নির্বাচনী সভাতো ভাগ লয়। ইপিনে, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৱৰ গগৈয়ে কালি দলীয় প্রার্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়।
নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰি চাৰিআলিত এখন প্ৰচাৰ সভাত অংশ লৈ শ্রী গগৈয়ে সকলোকে ভোট দানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। এই নির্বাচনী সভাত দলটোৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে।
এই উপ-নির্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে নগাঁৱত এখন গুৰুত্বপূর্ণ পর্যালোচনা সভাত অংশগ্রহণ কৰে। জিলা নির্বাচনী বিষয়া তথা আয়ুক্ত আৰণ্যক শইকীয়াই তেওঁক নির্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্রহণ কেন্দ্রত থাকিবলগীয়া অত্যাবশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি-নির্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে।