October 6, 2026 12:53 PM | Nagaon By-Election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ আজি পুৱাৰেপৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্রক্রিয়া চলি আছে। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্রতো পুৱাৰেপৰা ভোটদান চলি আছে।

বিজেপি মিত্ৰজোঁটৰ প্রার্থী দেৱাশীষ শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্রার্থী শিৱামণি বৰাই নগাঁও-বটদ্রৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই বৌমাৰী মোক্তাব স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে মৰিগাঁৱৰ ভাইৰাগুৰি প্ৰাথমিক বিদ্যালয়ত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসে পূৱ শালমাৰা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে।

পুৱা ৯ বজালৈ ১৫ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱা বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে। সেই অনুসৰি ধিং সমষ্টিত ১৮.৮ শতাংশ, জাগীৰোডত ১৭.১১, লাহৰিঘাটত ২০.২৯, মৰিগাঁৱত ১৬.৫৯, নগাঁও-বটদ্ৰৱাত ১৩.৯৩, ৰহাত ১৫.৭৭, ৰূপহীহাটত ১৮.৮১ আৰু চামগুৰি সমষ্টিত ১৯.৫২ শতাংশ ভোটদান সম্পন্ন হৈছে।