মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰী যোশীয়ে এছ এন এ- স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ বাবে আর্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। ইয়াৰ জৰিয়তে ৰাজ্যত সমগ্ৰ শিক্ষা ৰূপায়ণ অধিক শক্তিশালী আৰু সফল হ’ব বুলি আশা কৰা হৈছে। এই বৈঠকতে খাদ্য আৰু অসামৰিক যোগান তথা নৱীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰত ৰাজ্যখনক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰ-ৰাজ্য সহযোগিতামূলক পদক্ষেপক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়।