বিশ্ব গঁড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে।
গঁড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেঁও কয় যে ৰাজ্যত গঁড় হত্যাৰ সংখ্যা শূন্য লৈ অৱনমিত কৰাৰ লগতে গঁড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণৰ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদর্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিবেশতন্ত্র অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে।
বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰা বুলি তেওঁ প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁ প্ৰজেক্ট ৰাইনৰ প্ৰসংগও উত্থাপন কৰে।
উল্লেখযোগ্য যে বিশ্বত সম্প্ৰতি গঁড়ৰ পাঁচটা প্ৰজাতি উপলব্ধ। এই পাঁচ প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে – ‘পাঁচ প্ৰজাতিক জীয়াই ৰখা’৷
ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খৰ্গৰ অবৈধ বেহা প্রতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় ৫ লাখ গঁড় আছিল যদিও সম্প্রতি এই সংখ্যা প্রায় ২৭ হাজাৰলৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গঁড়ৰ সংখ্যা ২০০ৰ পৰা সম্প্ৰতি ৪ হাজাৰ হৈছেগৈ৷
বিশ্ব বিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গঁড় দিৱস উদযাপন কৰা হৈছে। গঁড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ২০১০ চনৰ পৰা প্ৰতি বছৰে ২২ ছেপ্তেম্বৰ দিনটোক বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে।
ব্ৰিটিছৰ শাসনৰ সময়ত কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিৰে অসমে বিশ্বৰ মানচিত্ৰত সুকীয়া পৰিচয় লাভ কৰিছে। কাজিৰঙাত ২০২২ চনত ২,৬১৩টা গঁড় থকাৰ তথ্য লাভ কৰা হৈছিল।
বিশ্ব গঁড় দিৱসৰ সৈতে সংগতি ৰাখি আজি মানাহত স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত বন বিভাগ আৰু স্থানীয় দল সংগঠনৰ যুটীয়া উদ্যোগত এই অভিযান চলোৱা হয়। অহা ২ অক্টোবৰৰ পৰা মানাহত পৰ্যটনৰ নতুন বৰ্ষ আৰম্ভ হোৱাৰ কথা।
এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য ৰক্ষা কৰাৰ লগতে প্লাষ্টিকমুক্ত পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যে পর্যটকসকলৰ বাবেও বিশেষ সজাগতামূলক কার্যসূচী আয়োজনৰ দিহা কৰা হৈছে। ২০২২ চনৰ গণনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত ৫০ টা এটা খৰ্গযুক্ত গঁড় আছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিবেশ গঢ়ি উঠাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰত বন বিভাগৰ কুকলুং বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিশ্ব গঁড় দিৱস উপলক্ষে সজাগতামূলক সমদল উলিওৱা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে গঁড়ৰ সুৰক্ষাৰ হকে বিভিন্ন শ্লোগান সম্বলিত প্লেকার্ড লৈ জনসাধাৰণৰ প্ৰতি সজাগতামূলক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস চলায়।