September 22, 2026 8:23 PM

views 12

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিম বংগতো গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফল পুনর্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।

September 22, 2026 8:11 PM

views 19

বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তুষ্টি প্ৰকাশ

বিশ্ব গঁড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গঁড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেঁও কয় যে ৰাজ্যত গঁড় হত্যাৰ সংখ্যা শূন্য লৈ অৱনমিত কৰাৰ লগতে গঁড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণৰ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদর্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিবেশতন্ত্র অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে। বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা দিয...

September 22, 2026 4:19 PM

views 36

আজি বিশ্ব গঁড় দিৱস

আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ পাঁচটা প্রজাতি পোৱা যায়। এই পাঁচ প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে – ‘পাঁচ প্রজাতিক জীয়াই ৰখা’। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খড়গৰ অবৈধ বেহা প্রতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্রায় ৫ লাখ গঁড় আছিল যদিও সম্প্রতি এই সংখ্যা প্ৰায় ২৭ হাজাৰলৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা ...

September 22, 2024 12:20 PM

views 46

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

আজি বিশ্ব গঁড় দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে আজিৰ দিনটোত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে বিগত বছৰসমূহত গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশংসা কৰে। তেওঁ কয় যে, ভাৰত হৈছে বৃহৎ সংখ্যক এটা খড়্গযুক্ত গঁড়ৰ বিচৰণভূমি আৰু এয়া দেশৰ বাবে অতি গৌৰৱৰ বিষয়। প্রধানমন্ত্ৰীয়ে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ কথা স্মৰণ কৰি সকলোকে কাজিৰঙা ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে যোৱা ৮ আৰু ৯ মাৰ্চত ...