প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়।
সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে।
কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিম বংগতো গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফল পুনর্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।