আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ পাঁচটা প্রজাতি পোৱা যায়। এই পাঁচ প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে – ‘পাঁচ প্রজাতিক জীয়াই ৰখা’।
ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খড়গৰ অবৈধ বেহা প্রতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্রায় ৫ লাখ গঁড় আছিল যদিও সম্প্রতি এই সংখ্যা প্ৰায় ২৭ হাজাৰলৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গঁড়ৰ সংখ্যা ২০০ৰ পৰা সম্প্ৰতি ৪ হাজাৰ হৈছেগৈ।
বিশ্ব বিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গঁড় দিৱস উদযাপন কৰা হৈছে। গঁড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ২০১০ চনৰ পৰা প্ৰতি বছৰে ২২ ছেপ্তেম্বৰ দিনটোক বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে।
ব্ৰিটিছৰ শাসনৰ সময়ত কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিৰে অসমে বিশ্বৰ মানচিত্ৰত সুকীয়া পৰিচয় লাভ কৰিছে। কাজিৰঙাত ২০২২ চনত দুহেজাৰ ৬১৩টা গঁড় থকাৰ তথ্য লাভ কৰা হৈছিল।