অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।
গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জেষ্ঠ্য আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্রশিক্ষণ লাভ কৰিছে।
এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্রযুক্তিগতভাৱে সু-সজ্জিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হব লাগিব। তেওঁ বহুবিবাহ, বাল্যবিবাহৰ বিৰুদ্ধে নিৰন্তৰে যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়।