June 10, 2026 3:00 PM

views 21

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।

June 8, 2026 6:22 PM

views 27

তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক গ্ৰেপ্তাৰ

তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক আজি পুৱা পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নেপাল সীমান্তৰ ওচৰত তেওঁক আটক কৰা হয়। সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা অৱস্থাতেই এছ টি এফে গোপন সূত্ৰৰ পম খেদি গৈ তেওঁক আটক কৰে। সম্প্রতি খানক অধিক সোধা-পোছাৰ বাবে কলকাতালৈ লৈ অহা হৈছে। উল্লেখযোগ্য যে যোৱা ২১ মে'ত অনুষ্ঠিত ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সময়ৰ ঘটনাক কেন্দ্ৰ কৰি খানক গ্ৰেপ্তাৰ কৰা হয়। এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে জাহাংগীৰ খানে প্রার্থিত্ব প্ৰত্যাহাৰ কৰি এখন সংবাদ মেলত মুখ্যমন্ত্রী...

April 5, 2024 12:02 PM

views 104

তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছেঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে সন্দেশখালীৰ অপৰাধীসকল জীৱনৰ বাকী কাল কাৰাগাৰত অতিবাহিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। কোচবিহাৰৰ ৰাসলীলা ময়দানত কালি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, একমাত্র বিজেপিহে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশায্য বন্ধ কৰিব পাৰে। শ্ৰীমোদীয়ে কয় যে, বৰ্তমানৰ পশ্চিম বংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি ক...