তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক আজি পুৱা পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নেপাল সীমান্তৰ ওচৰত তেওঁক আটক কৰা হয়। সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা অৱস্থাতেই এছ টি এফে গোপন সূত্ৰৰ পম খেদি গৈ তেওঁক আটক কৰে।
সম্প্রতি খানক অধিক সোধা-পোছাৰ বাবে কলকাতালৈ লৈ অহা হৈছে। উল্লেখযোগ্য যে যোৱা ২১ মে’ত অনুষ্ঠিত ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সময়ৰ ঘটনাক কেন্দ্ৰ কৰি খানক গ্ৰেপ্তাৰ কৰা হয়।
এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে জাহাংগীৰ খানে প্রার্থিত্ব প্ৰত্যাহাৰ কৰি এখন সংবাদ মেলত মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে প্ৰতিশ্ৰুতি দিয়া উন্নয়নৰ বিশেষ পেকেজৰ সমৰ্থনত তেওঁ প্রার্থিত্বৰ পৰা আঁতৰি আহিছে বুলি প্ৰকাশ কৰিছিল।
প্ৰত্যাহাৰৰ পাছতো বেলটত তৃণমূল কংগ্ৰেছৰ প্ৰতীকৰ বিপৰীতে খানৰ নাম সন্নিৱিষ্ট থাকে যদিও বিজেপিৰ প্ৰাৰ্থীয়ে সমষ্টিটোত জয়লাভ কৰে। এই পৰাজয়ৰ পাছতে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকী লোকচক্ষুৰ পৰা আঁতৰত থকাৰ লগতে নিজৰ বাসগৃহ আৰু দলীয় কাৰ্যালয়তো অনুপস্থিত আছিল।
কলিকতা উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে টি এম চিৰ নেতাগৰাকীৰ অন্তবর্তীকালীন সুৰক্ষা বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰাৰ কেইসপ্তাহ মানৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
ন্যায়াধীশ পার্থসাৰথি চেটার্জীয়ে বিষয়টো নিয়মীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। ইয়াৰ আগেযে ন্যায়াধীশ সৌগত ভট্টাচাৰ্যৰ বিচাৰপীঠে যোৱা ২৬ মে’ পর্যন্ত তেওঁক অন্তৱৰ্তী সুৰক্ষা প্ৰদান কৰিছিল।