নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলটোৰ নেতৃত্বই সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ অব্যাহত ৰাখিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাট সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজেপিৰ ভোট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। নগাঁৱত বিজেপি প্রার্থী জয়ী হ’লে ১২৬ টা বিধানসভা সমষ্টিত কংগ্ৰেছ নিশ্চিহ্ন হৈ যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে।

ইপিনে, জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই ৰহা, নগাঁও-বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম-কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নিৰ্বাচন প্রক্রিয়া শান্তিপূর্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে৷

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনৰ অঞ্চলত অহা ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী -বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান, বেংক, চাহ বাগিছা, উদ্যোগকে ধৰি সকলো কাৰ্যালয়ত অহা ৬ অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ’ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এইকথা প্ৰকাশ কৰিছে।