October 9, 2026 11:44 AM

views 1

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা অব্যাহত

যোৱা ৬ অক্টোবৰত অনুষ্ঠিত নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ তিনিটা গণনা কেন্দ্রত আজি পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছে। বর্তমানে নগাঁৱৰ ডছন হাইস্কুলত পোষ্টেল বেলটৰ গণনা চলি আছে। পোষ্টেল বেলটৰ গণনা পর্ব শেষ হোৱাৰ আধা ঘণ্টাৰ পাছত ই ভি এমৰ ভোট গণনা তিনিওটা কেন্দ্রতে একে সময়তে অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ডছন হাইস্কুলৰ গণনা কেন্দ্ৰত চামগুৰি, ৰূপহী হাট আৰু ধিং সমষ্টিৰ ভোটগণনা কৰাৰ বিপৰীতে বইজ এইছ এছ স্কুলত নগাঁও, বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ভোট গণনা কৰা হ'ব। ইফালে মৰিগাঁও মহ...

October 3, 2026 5:00 PM

views 10

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে এদিন বাকী

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জুৰিয়া আৰু লাহৰিঘাটত প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে। জিলা প্রশাসনে নির্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয...

September 29, 2026 5:16 PM

views 24

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনাৰ পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দ...

September 29, 2026 4:01 PM

views 8

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলটোৰ নেতৃত্বই সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ অব্যাহত ৰাখিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাট সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজ...

September 28, 2026 1:16 PM

views 18

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্রস্তুতি অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্রশাসনেও প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত নির্বাচনী সভাত অংশ লৈ দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। জিলা প্ৰশাসনৰ নিৰ্বাচনী প্রস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই কালি ৰহা, ন...

September 26, 2026 5:23 PM

views 27

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপি...

September 25, 2026 11:42 AM

views 26

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈৰ পৰা ঘৰে ঘৰে গৈ বেলটযোগে ভোটগ্রহণ

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে জিলাখনৰ ৮৫ বছৰ উৰ্ধৰ আৰু শাৰিৰীকভাবে বাধাগ্রস্ত ভোটদাতাসকলৰ সুবিধাৰ অৰ্থে কাইলৈৰ পৰা ২৯ ছেপ্তেম্বৰলৈ ঘৰে ঘৰে গৈ ভোটগ্রহণকাৰী দলে বেলটযোগে ভোটগ্রহণ কৰিব। জিলাখনত ৫ হাজাৰ ৭২২গৰাকী ৮৫ উৰ্ধৰ আৰু ৪ হাজাৰ ৬৬০ গৰাকী শাৰিৰীকভাবে বাধাগ্রস্ত লোক আছে। অৱশ্যে এই সুবিধা গ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত মুঠ দুহেজাৰ ৪৪২জনেহে আবেদন দাখিল কৰিছিল। ইয়াৰে দুহেজাৰ ৪২জন জ্যেষ্ঠ নাগৰিক আৰু ৪০০জন দিব্যাংগ। তেওঁলোকৰ নিজ নিজ ঘৰলৈ গৈ ভোটগ্ৰহণ কৰাৰ বাবে জিলা প্রশাসনে ইতিমধ্যে ৩১টা দল ...

September 24, 2026 12:07 PM

views 34

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্রক্রিয়া নগাঁও জিলা নির্বাচনী বিষয়াৰ কার্যালয়ত অনুষ্ঠিত হয়। এই প্রক্রিয়াত নির্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ইভিএমসমূহত ভোটগ্রহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্রহণ কেন্দ্রভিত্তিক ইভিএমসমূহৰ প...

September 19, 2026 9:29 PM

views 19

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছ...

September 19, 2026 10:43 AM

views 38

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ২৫জন প্ৰাৰ্থীৰ ৭জনৰ মনোনয়ন-পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দ্ৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ...