October 9, 2026 11:44 AM | Nagaon Election

printer

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা অব্যাহত

যোৱা ৬ অক্টোবৰত অনুষ্ঠিত নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ তিনিটা গণনা কেন্দ্রত আজি পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছে। বর্তমানে নগাঁৱৰ ডছন হাইস্কুলত পোষ্টেল বেলটৰ গণনা চলি আছে। পোষ্টেল বেলটৰ গণনা পর্ব শেষ হোৱাৰ আধা ঘণ্টাৰ পাছত ই ভি এমৰ ভোট গণনা তিনিওটা কেন্দ্রতে একে সময়তে অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে ডছন হাইস্কুলৰ গণনা কেন্দ্ৰত চামগুৰি, ৰূপহী হাট আৰু ধিং সমষ্টিৰ ভোটগণনা কৰাৰ বিপৰীতে বইজ এইছ এছ স্কুলত নগাঁও, বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ভোট গণনা কৰা হ’ব। ইফালে মৰিগাঁও মহাবিদ্যালয়ৰ কেন্দ্ৰত জাগিৰোড, লাহৰিঘাট আৰু মৰিগাঁও সমষ্টিৰ ভোট গণনা কৰা হ’ব। গণনা প্রক্রিয়া চলি থকা সময়খিনিত জিলাখনত কঠোৰ আৰু কটকটীয়া নিৰাপত্তা ব্যবস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি জিলাখনত ১৬৩ নং ধাৰা জাৰি কৰাৰ লগতে স্ট্রং ৰুমৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত পাঁচ জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখযোগ্য যে ৭৬ শতাংশ ভোটদান হোৱা এই উপ-নির্বাচনত বিজেপি প্রার্থী দেবাশিষ শর্মা, এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমন আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শিবামণি বৰাৰ লগতে মুঠ ১৫ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।