নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্রক্রিয়া নগাঁও জিলা নির্বাচনী বিষয়াৰ কার্যালয়ত অনুষ্ঠিত হয়।

এই প্রক্রিয়াত নির্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ইভিএমসমূহত ভোটগ্রহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্রহণ কেন্দ্রভিত্তিক ইভিএমসমূহৰ পৃথকীকৰণৰ কাম চলি আছে।

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহেসমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ কালি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়।

মন্ত্ৰী পীযূষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাইজৰ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নির্বাচনী সভাতো অংশ লয়।

সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘূলিত কালি এখন বিশাল নির্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দিল্লুৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়৷

কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমর্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি জাগীৰোড আৰু মায়ং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কংগ্ৰেছ প্রার্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়।

এই নির্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত আছিল।

এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কালি নগাঁৱত প্ৰচাৰ সভাত ভাগ লয় । তেওঁ নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত দলটো জয়ী হ’ব বুলি দাবী কৰে।