নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে জিলাখনৰ ৮৫ বছৰ উৰ্ধৰ আৰু শাৰিৰীকভাবে বাধাগ্রস্ত ভোটদাতাসকলৰ সুবিধাৰ অৰ্থে কাইলৈৰ পৰা ২৯ ছেপ্তেম্বৰলৈ ঘৰে ঘৰে গৈ ভোটগ্রহণকাৰী দলে বেলটযোগে ভোটগ্রহণ কৰিব। জিলাখনত ৫ হাজাৰ ৭২২গৰাকী ৮৫ উৰ্ধৰ আৰু ৪ হাজাৰ ৬৬০ গৰাকী শাৰিৰীকভাবে বাধাগ্রস্ত লোক আছে। অৱশ্যে এই সুবিধা গ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত মুঠ দুহেজাৰ ৪৪২জনেহে আবেদন দাখিল কৰিছিল। ইয়াৰে দুহেজাৰ ৪২জন জ্যেষ্ঠ নাগৰিক আৰু ৪০০জন দিব্যাংগ। তেওঁলোকৰ নিজ নিজ ঘৰলৈ গৈ ভোটগ্ৰহণ কৰাৰ বাবে জিলা প্রশাসনে ইতিমধ্যে ৩১টা দল গঠন কৰিছে। দলবোৰে ভোটদাতাৰ ভোটদানৰ সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰি বেলটযোগে ভোটগ্রহণ কৰিব আৰু সেয়া ডাকযোগে দিয়া ভোট হিচাপে গণনা কৰা হ’ব। ইয়াৰ উপৰি জিলাখনৰ নিৰ্বাচনৰ কামত জড়িত বিষয়া-কর্মচাৰীসকলে আগতীয়াকৈ বেলটযোগে ভোটদানৰ সুবিধা দিয়া হৈছে। সেই অনুসৰি অহা ৩, ৪ আৰু ৫ অক্টোবৰত ভোটদান কৰিব পাৰিব। ইয়াৰ বাবে নিৰ্বাচনৰ কর্তব্যত নিয়োজিত আগ্রহী ব্যক্তিসকলে নির্দিষ্ট প্রপত্রযোগে আবেদন দাখিল কৰিব লাগিব। জিলাখনৰ বাহিৰত সেনাবাহিনীত কৰ্মৰত ৩ হাজাৰ ৫১০জন ভোটাদাতাৰ বাবে ডাকযোগে ভোটদানৰ ব্যৱস্থা কৰা হৈছে।
Assamese | September 25, 2026 11:42 AM | Nagaon Election
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈৰ পৰা ঘৰে ঘৰে গৈ বেলটযোগে ভোটগ্রহণ