নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে।

মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য।

প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে।

বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ দি এফৰ বদৰুদ্দিন আজমলকে ধৰি মুঠ ১৭ জন প্রার্থীৰ মনোনয়ন পত্র বৈধ বুলি ঘোষণা কৰা হয়। আনহাতে, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল চালামৰ মনোনয়ন দলীয় নিস্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়।

কালি এই সন্দৰ্ভত জিলা প্রশাসনে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই আৰু তেওঁৰ মনোনয়ন পত্র অমিমাংসিত হৈ ৰয়। উল্লেখযোগ্য যে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।