October 27, 2026 8:29 PM

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অচ্যুৎ চন্দ্ৰ বৈশ্যই আজি আদালতত সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাই প্রাক্তন অধ্যক্ষ শ্রীবৈশ্যক প্ৰতি জেৰা কৰে। ইফালে জুবিন গাৰ্গৰ সতীর্থ বাদ্যযন্ত্রী পার্থ গোস্বামীও আজি সাক্ষ্য প্ৰদানৰ বাবে ফাষ্টট্ৰেক আদালতত উপস্থিত হয় যদিও চৰকাৰী পক্ষৰ এগৰাকী অধিবক্তা হঠাতে অসুস্থ হোৱাৰ ফলত তেওঁৰ সাক্ষ্য গ্রহণ প্রক্রিয়া সম্পূৰ্ণ নহল। ইয়...

October 20, 2026 6:47 PM

views 16

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সঠিক ন্যায়ৰ দাবীত অসম সচিবালয়ৰ সন্মুখত শতাধিক লোকৰ মানৱশৃংখল গঠন

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সঠিক ন্যায়ৰ দাবীত আজি অসম সচিবালয়ৰ সন্মুখত শতাধিক লোকে মানৱশৃংখল গঠন কৰিবলৈ সমবেত হয়। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আহ্বানত সমবেত হোৱা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে লগে লগে বাছত উঠাই আঁতৰাই নিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল, জামিনৰ নিৰ্দেশকক প্ৰত্যাহ্বান জনোৱা আৰু দোষীসকলৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে এই মানৱশৃংখল গঠন কৰিবলৈ চেষ্টা কৰিছিল। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন...

October 12, 2026 9:33 PM

views 11

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য গ্রহণ অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য গ্রহণ অব্যাহত আছে। প্রবাসী অসমীয়া ভাস্কৰজ্যোতি দত্তৰ এই গোচৰৰ সাক্ষ্য প্রদান আজি সম্পূৰ্ণ নহ'ল। নেটৱৰ্কৰ সমস্যাৰ বাবে আদালতৰ কাম-কাজ নিৰ্ধাৰিত সময়ত আৰম্ভ কৰিব নোৱাৰাৰ বাবে প্ৰবাসী অসমীয়া দত্তৰ সাক্ষ্য গ্রহণ সম্পূৰ্ণ নোহোৱাত কাইলৈ পুৱা ১০.৩০ বজাত পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আদালতত অন্য ৮গৰাকী প্ৰবাসী অসমীয়াই সাক্...

October 7, 2026 8:15 PM

views 9

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় আজি সংৰক্ষিত ৰাখে। বিগত কেইবাদিন ধৰি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্রান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্যগ্রহণ প্রক্রিয়া অব্যাহত আছে। ফাষ্ট্রকে আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক চুমি দত্ত চৌধুৰীৰ সাক্ষ্...

October 6, 2026 5:36 PM

views 8

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। ৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে, উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্রহণ অহা ৬ নৱেম্বৰলৈ স্থগিত ৰাখিছে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দর্শাই কয়, যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰ...

September 19, 2026 9:29 PM

views 22

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছ...

September 18, 2026 9:21 PM

views 17

জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

September 13, 2026 11:35 AM

views 24

সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বৈঠক

জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ হৈ গৰিমা শইকীয়া গার্গ, পার্থপ্রতীম গোস্বামী, ৰাজেশ ভূঞা আৰু জয়ন্ত কাকতী উপস্থিত থাকে। এই আলোচনাত ১৯ ছেপ্তেম্বৰত জুবিন দিবস উদযাপন সন্দর্ভতো আলোচনা কৰা হয়।  বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গার্গে কয় যে কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চ...

August 13, 2026 4:44 PM

views 39

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্টট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নির্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্রহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্চনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা ১৯ ছেপ্তে...

August 11, 2026 1:45 PM

views 28

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নির্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্রয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্রী পীযূষ হাজৰিকাই সংগ দিয়াৰ লগতে লোকনির্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে।