September 19, 2026 9:29 PM

views 17

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছ...

September 18, 2026 9:21 PM

views 13

জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

September 13, 2026 11:35 AM

views 18

সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বৈঠক

জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ হৈ গৰিমা শইকীয়া গার্গ, পার্থপ্রতীম গোস্বামী, ৰাজেশ ভূঞা আৰু জয়ন্ত কাকতী উপস্থিত থাকে। এই আলোচনাত ১৯ ছেপ্তেম্বৰত জুবিন দিবস উদযাপন সন্দর্ভতো আলোচনা কৰা হয়।  বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গার্গে কয় যে কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চ...

August 13, 2026 4:44 PM

views 35

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্টট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নির্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্রহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্চনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা ১৯ ছেপ্তে...

August 11, 2026 1:45 PM

views 23

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নির্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্রয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্রী পীযূষ হাজৰিকাই সংগ দিয়াৰ লগতে লোকনির্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে।

August 6, 2026 11:59 AM

views 25

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পা...

July 13, 2026 6:30 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্রক্রিয়া ফাষ্ট ট্ৰেক আদালতত ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে গোচৰটোৰ দায়িত্বত থকা ন্যায়াধীশ শর্মিলা ভূঞা ছুটীত যোৱাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি প্ৰায় এসপ্তাহ ধৰি বন্ধ আছিল। আজি পুনৰ আৰম্ভ হোৱা এই বিচ...

July 12, 2026 7:28 PM

views 30

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব

অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীতসুধাকৰ সন্মান প্রদান কৰিব। আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দর্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্রহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা ৩০ জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্রদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে...

July 4, 2026 8:15 PM

views 20

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈক সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামি বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা ৬ জুলাইত সাক্ষ্য প্রদান কৰিব।

July 1, 2026 2:05 PM

views 24

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শর্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা-পোছা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা ৩ জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব।