জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হয়।
বৈঠকত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ হৈ গৰিমা শইকীয়া গার্গ, পার্থপ্রতীম গোস্বামী, ৰাজেশ ভূঞা আৰু জয়ন্ত কাকতী উপস্থিত থাকে। এই আলোচনাত ১৯ ছেপ্তেম্বৰত জুবিন দিবস উদযাপন সন্দর্ভতো আলোচনা কৰা হয়।
বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গার্গে কয় যে কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত ১৭ ছেপ্তেম্বৰৰ পৰা তিনি-দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ’ব।
১৭ ছেপ্তেম্বৰত সৰ্বধর্ম প্রার্থনা সভা, ১৮ ছেপ্তেম্বৰত সাংস্কৃতিক অনুষ্ঠান, ১৯ ছেপ্তেম্বৰত গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা হ’ব বুলিও শ্রীমতী গার্গে প্রকাশ কৰে। তেওঁ লগতে ১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন গাৰ্গৰ স্মৃতিচাৰণ নহয় বৰং তেওঁৰ সৃষ্টিৰাজি উদযাপন কৰিবলৈ আহ্বান জনায়।