September 19, 2025 8:39 PM

views 147

ছিংগাপুৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ দেহাৱসান

◊ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত সাঁতোৰাৰ সময়ত হঠাৎ অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় ক্ষণজন্মা শিল্পীগৰাকীয়ে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত অপ্ৰতিদ্বন্দ্বী হৈ ৰোৱা কণ্ঠশিল্পী জুবিন গাৰ্গে কেৱল অসমীয়াই নহয়, বাংলা, হিন্দী আৰু আন কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ দেহাৱসানত...

September 19, 2025 6:54 PM

views 500

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই…

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত সাতোঁৰাৰ সময়ত আজি দুপৰীয়া জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততালিকে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়া হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ হয় আৰু ভাৰতীয় সময় অনুসৰি দিনৰ ২ বাজি ৪৫ মিনিটত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াই নহয়, বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প...