গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় আজি সংৰক্ষিত ৰাখে।
বিগত কেইবাদিন ধৰি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে।
ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্রান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্যগ্রহণ প্রক্রিয়া অব্যাহত আছে। ফাষ্ট্রকে আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক চুমি দত্ত চৌধুৰীৰ সাক্ষ্য প্ৰদান কৰে।
কাইলৈ ফাষ্ট্রট্ৰেক আদালতত অভিনেত্ৰী নিশিতা গোস্বামী আৰু মৃংগাক হাজৰিকাৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰিব।