October 13, 2026 3:09 PM

views 19

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তক জামিন লাভ কৰাৰ পাছত কাৰাগাৰৰ পৰা মুকলি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তই উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাৰ পাছত আজি পুৱা কাৰাগাৰৰ পৰা মুকলি হয়। হাফলং কাৰাগাৰৰ পৰা পুৱা প্ৰায় ৬.৩০ বজাত অভিযুক্তগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে। উল্লেখযোগ্য যে, যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অমৃতপ্রভা মহন্তৰ জামিন মঞ্জুৰ কৰিছিল। বিচাৰপীঠে কেইবাটাও চৰ্ত আৰোপ কৰাৰ লগতে দুজন জামিনদাৰ আৰু ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰে। ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ...

October 7, 2026 8:15 PM

views 9

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্রভা মহন্তৰ জামিনৰ ৰায় আজি সংৰক্ষিত ৰাখে। বিগত কেইবাদিন ধৰি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্রান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্যগ্রহণ প্রক্রিয়া অব্যাহত আছে। ফাষ্ট্রকে আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক চুমি দত্ত চৌধুৰীৰ সাক্ষ্...

August 6, 2026 11:59 AM

views 32

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পা...

October 17, 2025 12:02 PM

views 102

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। ১৪ দিনৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৯জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয...