জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে।
গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা ৯ জুনত সাক্ষ্য গ্রহণ প্রক্রিয়া আৰম্ভ হয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৩৯৪ গৰাকী সাক্ষীৰ নাম সন্নিৱিষ্ট হৈছে৷