September 24, 2026 1:29 PM

views 10

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি দ্বিতীয় দিনা প্রবাসী অসমীয়া তথা ছিংগাপুৰৰ অসম এছ'চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত হৈছে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত আন ব্যক্তিসকলৰ অধিবক্তাসকলে শ্রীতালুকদাৰক জেৰা কৰিব। উল্লেখযোগ্য যে শ্ৰীতালুকদাৰক কালি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে। ইয়াৰ পূৰ্বে এই গোচৰ সংক্ৰান্তত প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতি...

September 19, 2026 6:28 PM

views 12

ৰাজ্যজুৰি জুবিন দিৱস পালন

  অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । সদৌ অসম ছাত্ৰ সন্থাই প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰেৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়...

September 14, 2026 9:02 PM

views 16

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়। আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰী লহকৰক জেৰা কৰে। ইয়াৰ লগতে প্রবাসী অসমীয়া গৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ...

August 6, 2026 11:59 AM

views 25

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পা...

July 13, 2026 6:30 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্রক্রিয়া ফাষ্ট ট্ৰেক আদালতত ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে গোচৰটোৰ দায়িত্বত থকা ন্যায়াধীশ শর্মিলা ভূঞা ছুটীত যোৱাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি প্ৰায় এসপ্তাহ ধৰি বন্ধ আছিল। আজি পুনৰ আৰম্ভ হোৱা এই বিচ...

July 4, 2026 8:15 PM

views 20

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈক সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামি বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা ৬ জুলাইত সাক্ষ্য প্রদান কৰিব।

June 24, 2026 1:30 PM

views 24

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শ‍ইকীয়াই ভিডিঅ’ কনফাৰেঞ্চযোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৯ মে’ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল।

June 15, 2026 12:23 PM

views 29

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৪ গৰাকী লোকৰ সাক্ষ্য গ্রহণৰ বাবে দিন ধাৰ্য কৰা হৈছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৪ গৰাকী লোকৰ সাক্ষ্য গ্রহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দিপাংকৰ ঠাকুৰীয়াক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা ১২ জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থা...

June 9, 2026 7:05 PM

views 32

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেচ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্...

June 8, 2026 6:29 PM

views 31

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্টট্ৰেক আদালতত উপস্থিত হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধ...