জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি দ্বিতীয় দিনা প্রবাসী অসমীয়া তথা ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত হৈছে।

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত আন ব্যক্তিসকলৰ অধিবক্তাসকলে শ্রীতালুকদাৰক জেৰা কৰিব। উল্লেখযোগ্য যে শ্ৰীতালুকদাৰক কালি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে।

ইয়াৰ পূৰ্বে এই গোচৰ সংক্ৰান্তত প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিও লাংছাট নাৰ্জাৰীয়ে আদালতত সাক্ষ্যদান কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।