শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গক প্ৰদান কৰা জামিনৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে আজি সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

ইপিনে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোঁহাই আজি দ্বিতীয় দিনৰ বাবে আদালতত উপস্থিত হয়। অধিবক্তা সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই পিকু বৰগোঁহাইক গোচৰ সংক্ৰান্তত জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই পিকু বৰগোঁহাইক জেৰা কৰিব নোৱাৰিলে।

সেয়ে আদালতে পিকু বৰগোঁহাইক কাইলৈ পুৱা চাৰে ১০ বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে। আনহাতে, ৰাহুল গৌতম শৰ্মা আৰু শিল্পী দিগন্ত ভাৰতীয়ে আজি আদালতত উপস্থিত হয় যদিও সময়ৰ অভাৱৰ বাবে দুয়োজনে আদালতত সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে।

উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি জুবিন ফেন ক্লাবৰ উদ্যোগত মহানগৰৰ চচলত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। জুবিন ফেন ক্লাবৰ সদস্য আৰু শিল্পীৰ দলে বিভিন্ন শ্লোগান দি প্লে কার্ড প্ৰদৰ্শন কৰি, গীত পৰিবেশনেৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।