January 24, 2026 8:19 PM

views 154

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সাংবাদিকৰ আগত আজি এই কথা প্ৰকাশ কৰি শ্ৰীমতী গাৰ্গে কয়, যে এই স্মাৰক পত্ৰৰ জৰিয়তে গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে বিশেষ আদালত স্থাপন, ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তাৰ দলৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোক অধিবক্তাৰ নিযুক্তিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ সৈতে সঠিক কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে প্রধানমন্ত্ৰীগৰাকী...

January 13, 2026 8:38 PM

views 82

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে ৫গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অর্পণ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰ ক বিশেষ লোক ফৰিয়াদি হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁক সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদি হিচাপে ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদি হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু ...

January 3, 2026 7:35 PM

views 79

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ কৰা হয়। শুনানী কালত কাৰাৰুদ্ধ ৭ গৰাকী অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰে। অভিযুক্তকেইজনৰ হৈ তেওঁলোকৰ অধিবক্তাই জামিন আৱেদন দাখিল কৰে। অমৃতপ্রভা মহন্তৰ লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ অধিবক্তা লাভ কৰিছে। স...

December 22, 2025 9:00 PM

views 76

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ...

December 6, 2025 6:58 PM

views 88

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই দিৰ কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত ...

November 25, 2025 12:26 PM

views 96

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে ১২ ডিচেম্বৰলৈকে তথ্য বা শপতনামা প্ৰদান কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই আয়োগত তথ্য দাখিলৰ সময়সীমা ২১ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল। ২১ নৱেম্বৰ পৰ্যন্ত আয়োগৰ সন্মুখত ৩৯ খন শপতনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ শ‍ইকীয়াই তিনি নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ ...

November 20, 2025 7:12 PM

views 79

ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখ...

November 17, 2025 6:01 PM

views 96

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিপূর্বে প্রকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে কাইলৈ ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই কাইলৈ পুৱা ৯ ব...

November 17, 2025 5:38 PM

views 133

কাইলৈ জুবিন গাৰ্গৰ ওপজা দিন

জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জু...

October 27, 2025 6:17 PM

views 104

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্তৰ বাবে সাজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় ৪ টা বিষয়ক তদন্তত সামৰি ল'ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্রম নির্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ যোৱ...