ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে ৫গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অর্পণ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰ ক বিশেষ লোক ফৰিয়াদি হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁক সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদি হিচাপে ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদি হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰৰ নিযুক্তিত অনুমোদন দিয়া হৈছে|
Assamese | January 13, 2026 8:38 PM | Akashvani | Akashvani News | BelovedZubeen | Justice for Zubeen Garg
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ