September 30, 2026 6:28 PM

views 12

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্রক্রিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্টট্রেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃতপ্রভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। কিন্তু সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূর্ণ নহল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ ...

September 14, 2026 9:02 PM

views 19

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়। আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰী লহকৰক জেৰা কৰে। ইয়াৰ লগতে প্রবাসী অসমীয়া গৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ...

July 17, 2026 6:34 PM

views 30

বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পিছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজি সম্পূর্ণ নহ'ল। সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ'ব লাগিব। আদালতত সাক্ষ্যদান কৰি সংবাদিকৰে হোৱা কথাবতৰাত পামী বৰঠাকুৰে কয়, যে অভিযুক্তৰ অধিবক্তাই অবান্তৰ কথাৰে ব্যতিব্যস্ত কৰাৰ অপচেষ্ট...

June 23, 2026 2:10 PM

views 50

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানিত উপস্থিত আছে। আনহাতে, অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ'ব। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুন...

June 10, 2026 1:13 PM

views 26

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্রভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে আজি সাক্ষ্য প্ৰদান কৰিব। ফাষ্টট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে ৫ গৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নির্দিষ্ট ...

June 8, 2026 6:29 PM

views 34

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্টট্ৰেক আদালতত উপস্থিত হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধ...

June 7, 2026 7:14 PM

views 20

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ’ব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে ৪ জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্ত...

January 22, 2026 12:01 PM

views 76

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰা পাঁচজনীয়া বিশেষ লোক অধিবক্তাৰ দলে আজি এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতাৰে আদালতত লিখিত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কীয় গোচৰত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান বাক্সা জিলা কা...

January 19, 2026 6:50 PM

views 91

শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শ‍ইকীয়া গাৰ্গৰ পাণবজাৰ থানাত এজাহাৰ

জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইতিমধ্যে গৰিমা শ‍ইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। গুৱাহাটীৰ পাথৰকুৱেৰীৰ নিলাচল এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে। আৰক্ষীয়ে বিতর্কিত মহিলাগৰাকীক আটক কৰাৰ পাছত গৰিমা শ‍ইকীয়া গা...

January 13, 2026 8:38 PM

views 85

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে ৫গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অর্পণ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰ ক বিশেষ লোক ফৰিয়াদি হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁক সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদি হিচাপে ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদি হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু ...