জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে।

ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানিত উপস্থিত আছে। আনহাতে, অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ’ব।

ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুনানি অনুষ্ঠিত নহয়।