ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ’ব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ’ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে ৪ জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে ফাষ্টট্রেক আদালতে যোৱা ২৬ মে’ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্যগ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৩৯৪ গৰাকী ব্যক্তি সাক্ষী আছে।