বিশেষ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে।
ইয়াৰ পিছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজি সম্পূর্ণ নহ’ল।
সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ’ব লাগিব। আদালতত সাক্ষ্যদান কৰি সংবাদিকৰে হোৱা কথাবতৰাত পামী বৰঠাকুৰে কয়, যে অভিযুক্তৰ অধিবক্তাই অবান্তৰ কথাৰে ব্যতিব্যস্ত কৰাৰ অপচেষ্টা কৰিছে।