জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্রক্রিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্টট্রেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃতপ্রভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে।

কিন্তু সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূর্ণ নহল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিছে। আজিৰ জেৰা প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে আদালতে প্ৰতিটো দিশ সুক্ষ্মভাৱে বিবেচনা কৰা বুলি ব্যক্ত কৰে।

ইপিনে, আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তদ্বয় ক্রমে অমৃতপ্রভা মহন্ত আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ পৃথকে পৃথকে শুনানি অনুষ্ঠিত হয়। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠত অনুষ্ঠিত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানিত বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে।

অৱশ্যে আজিও শুনানি সম্পন্ন নোহোৱাত আদালতে কাইলৈ অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনখনৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰে। আনহাতে, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চামিমা জাহানৰ বিচাৰপীঠত হোৱা শুনানিত চৰকাৰী পক্ষই অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ ভিত্তিত যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰে। সেই অনুসৰি আদালতে ১৫ অক্টোবৰ পৰৱৰ্তী দিন ধার্য কৰে।