October 5, 2026 7:56 PM

views 2

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা ৪ নৱেম্বৰলৈ শুনানি গ্রহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয়, যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকা...

October 1, 2026 1:44 PM

views 14

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হৈছে। কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে। আজি শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আৰম্ভণিতে তেওঁক জেৰা কৰিব। গুৱাহাটী ...

September 30, 2026 6:28 PM

views 7

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্রক্রিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্টট্রেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃতপ্রভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। কিন্তু সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূর্ণ নহল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ ...

September 19, 2026 9:20 PM

views 17

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন...

August 19, 2026 7:58 PM

views 21

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত এই পৰ্য্যন্ত ১০০ জন সাক্ষীয়ে সাক্ষ্য প্রদান কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে, ৩৯৪।

August 6, 2026 11:59 AM

views 25

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেচন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পা...

July 13, 2026 6:48 PM

views 23

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত পামি বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য প্রদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্রক্রিয়া সম্পূৰ্ণ নহ'ল। ফলস্বৰূপে আদালতে জয়ন্ত কাকতিৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামি বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ ...

July 1, 2026 2:05 PM

views 24

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শর্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা-পোছা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা ৩ জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব।

December 23, 2025 12:13 AM

views 78

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতিৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতৰ নিযুক্তিৰ নিৰ্দেশ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰে জড়িত ৭ অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে আৰু দুগৰাকী অতিৰিক্ত অধিবক্তাক কামৰূপ জিলা আৰু ছেছন আদালতে নিযুক্তিৰ নিৰ্দেশ দিছে। অধিবক্তা প্রবীন কুমাৰ শৰ্মা আৰু অমিতাভ বৰুৱাক অভিযুক্তৰ হৈ ওকালতি কৰিবৰ বাবে নিযুক্তি দিয়া হৈছে। দুয়োগৰাকী অধিবক্তাই ইতিমধ্যে জিলা আইন সেৱা প্ৰাধিকৰণে নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসক সহযোগ কৰিব। উল্লেখযোগ্য যে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত প্ৰথমটো...

December 22, 2025 9:00 PM

views 76

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং উপ-কাৰাগাৰৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ভার্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনা অভিযুক্তকেইজনৰ ওপৰত গোচৰৰ...