উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে।
সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে।
ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত এই পৰ্য্যন্ত ১০০ জন সাক্ষীয়ে সাক্ষ্য প্রদান কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে, ৩৯৪।