অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ’ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে।

শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীক শ্রদ্ধা জনাবৰ বাবে জুবিনক্ষেত্ৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

সদৌ অসম ছাত্ৰ সন্থাই প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰেৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া ৬ বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব।

শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ ৩৯ খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাই দিয়া এটা বাৰ্তাত কয়, যে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু আজীৱন সাধনাৰে শিল্পীগৰাকীয়ে জাতীয় জীৱন সমৃদ্ধ কৰি গৈছে।

জুবিন গাৰ্গৰ কালজয়ী সুৰ আৰু অনন্য শিল্পকৰ্মই অসমৰ পৰিধি চেৰাই দেশ-বিদেশৰ অগণন শ্রোতাৰ হৃদয় স্পৰ্শ কৰাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ধাৰাক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি প্ৰতিটো প্ৰজন্মৰ শিল্প সাধনাৰ বাবে চিৰন্তন প্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলি বিশ্বাস ব্যক্ত কৰে।

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পীক সুঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত ‘দিয়া ঘূৰাই দিয়া’ গীতটি পৰিৱেশন কৰা হয় ৷

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত এই কাৰ্যসূচীত জুবিন গাৰ্গ ন্যাসৰ হৈ গৰিমা শ‍ইকীয়া গাৰ্গ, ন্যাসৰ কাৰ্যকৰ্তা গৌতম শৰ্মা উপস্থিত থাকে। গৰিমা শ‍ইকীয়া গাৰ্গে বিদ্যালয়খনৰ দুহেজাৰ ৫০০ শিক্ষার্থীয়ে সমস্বৰে এই গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা মৰম আৰু শ্ৰদ্ধাৰ শলাগ লয়।