জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত সন্দীপন গাৰ্গক বাক্সাৰ নিকাচিস্থিত জিলা কাৰাগাৰৰ পৰা মুকলি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰাৰ পাছত আজি বাক্সাৰ নিকাচিস্থিত জিলা কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গে সাংবাদ মাধ্যমৰ আগত কয় যে বিগত বৰ্ষত সংঘটিত ঘটনাৰ প্ৰকৃত সত্য আদালতৰ বিচাৰত উদ্ঘাটন হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে যোৱা শুকুৰবাৰে অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে প্ৰয়াত শিল্পীজনৰ সৈতে সম্বন্ধীয় ভাতৃ আৰু অসম আৰক্ষীৰ তদানিন্তন উপ আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ ছিংগাপুৰলৈ গৈছিল।

ৰহস্যজনক পৰিস্থিতিত শিল্পীগৰাকীৰ মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে অভিযুক্ত শ্রীগাৰ্গক যোৱা বছৰৰ ৮ অক্টোবৰত গ্ৰেপ্তাৰ কৰে। তেতিয়াৰ পৰা যোৱা প্ৰায় এবছৰ ধৰি তেওঁ বাক্সা জিলা কাৰাগাৰত বন্দী হৈ আছিল। ইয়াৰ পূৰ্বে এই গোচৰত আন এগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তকো জামিন প্রদান কৰা হৈছিল৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।