October 19, 2026 7:39 PM

views 11

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত সন্দীপন গাৰ্গক বাক্সাৰ নিকাচিস্থিত জিলা কাৰাগাৰৰ পৰা মুকলি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰাৰ পাছত আজি বাক্সাৰ নিকাচিস্থিত জিলা কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গে সাংবাদ মাধ্যমৰ আগত কয় যে বিগত বৰ্ষত সংঘটিত ঘটনাৰ প্ৰকৃত সত্য আদালতৰ বিচাৰত উদ্ঘাটন হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে যোৱা শুকুৰবাৰে অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদন মঞ্জুৰ কৰে...

October 8, 2025 6:14 PM

views 100

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ...